সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। কামাতুৰ পুৰুষৰ কাকে! স্নেহ নাই। কামিণীত ৰতি তাৰ নুগুছে সদাই। সুখ ভোগ তেজিলেক সবে ৰাজ কাজ। সীতাকেসে চিন্তে ৰাজা হৃদয়ৰ মাজ॥ কেনমতে পওঁ সীতা ত্ৰৈলোক্য সুন্দৰী। মাচি মামাৰ কাছে যাওঁ শীঘ্ৰ কৰি॥ তাহাঙ্কে সহায় কৰি সীতা আনে। হৰি। পাছে ৰাম লক্ষ্মণক মাৰোঁ মন সাৰি। সীতাক নপাইলে মোৰ নিষ্ফল জীবন। এহি মনে গুণি থিৰ কৰিলা ৰাৱণ॥ শুনা শূৰ্পনথী নকৰিবি অপমান। সুবৰ্ণৰ গঢ়াই লৈয়োক নাককাণ॥ তোৰ মনস্কাম মই সকলে সাধিবো। ৰাম লক্ষ্মণক মাৰি সীতাক আনিবো॥ এহি গুণি লঙ্কানাথে মনে স্বস্থ নাই। দিব্য ৰথে ছড়ি গৈলা মাৰ্চিৰ ঠাই। সাগৰ তৰিয়া যাই পাইলা তেতিক্ষণে। তপকৰি মাৰিচ আছয় পুণ্যবনে॥ শুনা মহাজন পুণ্য কথা ৰামায়ণ। শ্ৰবণতে হৰে মহা মহা পাপ গণ॥