সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। ৰাম নাম সম ধৰ্ম্ম কথা নাহি আৰ। সাক্ষাতে জানিবা এই মুকুতিৰ দ্বাৰ। হেন ৰাম কথাত নপাতে যিটো কাণ। জানিবা পাতকী নাই তাহাৰ সমান॥ ধনজন সুখে ভুলি থাকে বিষয়ত। নিষফলে জনম যাই নুগুণে মনত | বন্ধু বান্ধবক পোষে কৰি প্ৰতি পালে। সবে থাকিবেক তোক ধৰি নিবে কালে॥ দেখিয়ো নেদেখে অধম বুদ্ধিনৰ। কেন মতে তৰিবাহ৷ দুৰ্ঘোৰ সংসাৰ। ইহ পৰলোকৰ বান্ধব বন্ধু ৰাম। জানি নৰনাৰী তান শুনা গুণ নাম॥ অনন্ত কন্দলী কহে এহিসে নিস্তাৰ। ডাকি হৰি বোলা হৌক পুৰুষ উদ্ধাৰ॥ 01 দুলড়ি। মাচিক যাই, ৰাৱণে দেখিলা, আচৰে তপ দোৰ্ঘোৰ। কৃষ্ণসাৰ ছাল, গাৱে পৰিধান, শিৰে জ্বলে জটা ভাৰ। ৮৯