সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অৰণ্য কাণ্ড।

অপ্ৰয়াসে যান্ত ৰাম প্ৰভু হৃষি কেশ।
দণ্ডকা বনত যাই ভৈলন্ত প্ৰবেশ॥
প্ৰথমতে পাইলা অত্ৰি ঋষি। আপান।
প্ৰণামিলা ঋষিক তিনিয়ো বহুমান!!
দেখিয়া ঋষিৰ ভৈলা হৰিষ অশেষ।
সাক্ষাতে ঈশ্বৰ মোৰ আশ্ৰমে প্ৰবেশ॥
আজিসে আশ্ৰম ভৈল মোহোৰ সাফল।
দেখিলোঁ ৰামৰ দুই চৰণ কমল।
ফলে জলে ৰামক পূজিলা বিধিৱতে।
সাদৰি কুণল পুছিলন্ত ব্ৰহ্মস্থতে॥
আপোনাৰ কথা ৰামে ঋষিত কহিলা।
অন্তেস পুৰক ঋষি সীতাক পেশিলা॥
অত্ৰিৰ ঘৰনী অনুশুৱা তান নাম।
কৰ্দ্দম নন্দিনী ৰূপে গুণে অনুপাম॥
দত্তাত্ৰেয় দুৰ্ব্বাসা চন্দ্ৰৰ তেহো যাৱ।
বিষ্ণুত ভকত পত্ৰিতা শুদ্ধভাৱ।
দেখিলন্ত সীতা ষাই প্ৰদন্ন বদনে।
প্ৰণামিলা অনশুৱা দেবীৰ চৰণে॥
সীতাক দেখিয়া তান মহাৰঙ্গ মন।
আগ বাঢ়ি আপুনিয়ে দিলন্ত আসন॥