সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অসমীয়া ৰামায়ণ

ভৰত গৈলন্ত যেবে ৰামক তেজিয়া।
থাকিলন্ত প্ৰভু ৰান শোকাকুল হুয়া॥
সাতায়ো লক্ষ্মণ সমে চিত্ৰকুট বনে।
কতো দিন আছে প্ৰভু স্বস্থ নাহি মনে॥
লক্ষ্মণক সম্বোধি বুলিলা ৰঘুনাথ।
ধৰিবে নোৱাৰোঁ চিত কৰে উতপাত।
ভৰত ভয়াই আসি মহা দুখ দিলা।
নুমাইবাৰ অগ্নি যেন পুনশ্চ জ্বলিলা॥
আমাক সুমৰি তান সুখ শান্তি নাই।
পুনুৰপি খেদি যোনো আসে এহিঠাই॥
সকল ভক্তক মোৰ দিলে আসি দুখ।
ভকতৰ দুখ দেখি পোৰে মোৰ বুক॥
আসি পাৱে নতু যাৱে ভৰত ভয়াই।
তাৱে আক ছাড়ি দূৰ দেশে লওঁ ঠাই॥
এহি হৌক বুলি আগে চলিলা লক্ষ্মণ।
পাছত চলিলা ৰাম ৰঘুৰ নন্দন॥
মাজত চলিলা লাসে লানে সীতা সতী।
চিত্ৰকুট তেজি হৰি যান্ত আন ভিতি॥
নদী নদ গহন বিষম বন দেশ।
দল বিল এড়াইলন্ত নিকুঞ্জ অশেষ॥