সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। খৰতৰ প্ৰহাৰে কোপিত ভৈলা খৰচ হৃদয়ত ৰামক বিন্ধিলা দশ শৰ॥ দুই হন্তৰো শৰে দুয়ো ভৈলন্ত জৰ্জ্জৰ। পঙ্কাকুল ভৈলন্ত ৰুধিৰ কলেবৰ। 415 একে বাৰে ধনুশৰ দুইহানো ধৰিল। অনেক সহস্ৰ শৰ দুয়ো প্ৰহাৰিল পুষ্পিত পলাশ সম দুইৰো কলে দুৰ্ঘোৰ ৰণত দুয়ো বীৰ সমসৰ। কা ৰামে পাছে তিনি শৰ হিয়াত তাড়িল॥ একবাণে ধ্বজ কাটি ভূমিত পৰিল। ধনু কাটি সাৰথিৰ কন্ধক চেদিল। মৰিয়া সাৰথি পাছে ভূমিত পৰিল॥ ৰথভঙ্গ দেখিয়া খৰৰ হৃদি খেদ। spre মোৰ ৰথ ভাঙ্গিলেক অভেদ্য অছেদ্য ত্ৰিদশেও দেখন্ত খৰৰ ৰণ ভঙ্গ। 9) Ma বৈৰৰ বিপত্তি দেখি আতি বৰ ৰঙ্গ॥ আকাশত থাকিয়া কৌতুক আতি মনে॥ দুন্দুভি সংবাদ কৰিল ঘনে ঘনে॥ গদাধৰি খৰে ধৰণীত দেৱ দিল। 1 পৃথিব কম্পিয়া সাত পাতাল লড়িল॥ ११