সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। ভূমি পাৱে ৰাম দেৱ সম্মুখে যুজন্ত। টঙ্কাৰ কৰিয়া ধনু যেহেন নাচন্ত | তী অসংখ্যাত শৰে প্ৰভূ খৰক তাৰিলা। খুৰপতি বাণ হানি ধনুকো ছেদিলা | শীঘ্ৰে তুলি লৈলা খৰে আন ধনুখান। ৰামক অনেকশৰ কৰিল৷ সন্ধান | বিশ্ৰুতি ভৈলন্ত ৰাম মনুষ্য স্বভাবে। প্ৰভুৰ হাতৰ ধনু পৰিলা নেঠাৱে। চেন শুনি দেখি ত্ৰিদশৰ বিষাদ মিলিল। মহা ৰঙ্গে খৰবীৰে আটাসেক দিল॥ কবচকো ভেদি হৃদি শালিলেক শৰে। ভৈলন্ত ব্যামোহ প্ৰভু জগত ঈশ্বৰে খানিতেকে ৰাম নাৰায়ণ স্বস্থ ভৈলা। অগষ্টি দিবাৰ শৰ চাপ তুলি লৈলা॥ জাজ্বল্য সমান কোপে জগতৰ বাপে। বিষ্ণুৰ শৰক নিয়া যুড়িলন্ত চাপে॥ আগ পাছ মনকৰি ভৈল সব সাজ। শৰে কাটিলেক তাৰ সুবৰ্ণৰ ধ্বজ॥ ক্ৰোধিয়া বোলন্ত আজি লৈবোহু পৰাণ। দুইস্তন মাজত হানিলা দশবাণ।