সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৮ অৰণ্য কাণ্ড। ৰাঘবে বোলন্ত খৰ শুনৰে পাপিষ্ঠ। সকলো ঋষিৰ তই চিন্তিলি অনিষ্ট॥ দণ্ডকা বনত তই ভৈলি মন্দ ৰোগ। তোক ৰাখিবেক খানিতেকো নুহি যোগ॥ অন্যায় কৰিলি যত তাৰ ফল পাইবি মোহোৰ হাতত বেটা যমঘৰে যাইবি | হেন শুনি খবে পাছে বুলিলেক বাণি মোহৌক মাৰিবে এতিক্ষণে কেনেজানি॥ মিছাত কৰস ৰাম মনত উল্লাস। গদাৰ ছোটত কিবা যমঘৰে যাস॥ অলপিক মনুষ্যৰ তোহোৰ আছে ধিক বীৰ হুয়া বীৰক গৰিহা কৰা কিক | গুণবন্ত জনৰ আনেসে গুণ কহে। সুগন্ধ পুষ্পৰ গন্ধ পবনেসে বহে॥ ত্ৰিদশ দেবতা তোৰ হৌক অনুকুল। তথাপিতো মাৰিতোক নিবোঁ ৰসাতল॥ হাতেগদা ধৰিখৰে ৰামক কিটাইল। যেন নাৰায়ণক কৈটভে বীৰে ধাইল॥ হানিলেক গদা গোট যেন যম দণ্ড। টলবল কৰয় মেদিণী সাতো খণ্ড॥