সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অৰণ্য কাণ্ড

শ্ৰীৰামৰ পাৱক যে পূজি নিত্যানিত৷
নন্দি গ্ৰামে ৰাজ্য পালি থাকিলা ভৰত॥
শত্ৰুঘন স্থিত ভৈলা অযোধ্যা নগৰে।
ৰামৰ আদেশে প্ৰজা পালন্ত সাদৰে॥
পূৰ্ব্বৰ কালৰ মতে নাহিকে হৰিষ।
ৰামকেসে হুমৰি থাকন্ত অহৰ্নিশ॥
কেতিক্ষণে বহি যাই চৈধ্যয় বৰিষ।
আসিবন্ত ৰাম দেখি লভিবো হৰিষ॥
কৌশল্যা সুমিত্ৰা যত আছে ৰাজ মাৱ।
ৰামক হুমৰি সবে কান্দে দীৰ্ঘ ৰাৱ॥
কৃষ্ণ পক্ষে চন্দ্ৰ যেন প্ৰতি দিনে ক্ষীণ।
পুত্ৰ শোকে সবাহানে তনু ভৈলা হীন॥
সীতা ৰাম লক্ষ্মণৰ কল্যাণক সাধি।
সুমিত্ৰা কৌশল্যা থাকে বিষ্ণুক আৰাধি॥
শত্ৰুঘনে আশ্বাসিয়া শোক জুৰাৱন্ত।
ৰামৰ চৰিত্ৰ যত শুনিয়া থাকন্ত॥
আনে যত বৰ নাৰী ৰামক সুমৰি৷
ৰামৰ কল্যান সাধে সদা ধৰ্ম্ম ধৰি॥
ৰাম কথা শুনিয়া তেজয় দুখ শোক৷
ৰামৰ চৰিত্ৰ কহোঁ ইকথা থাকোক॥