সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। জনক নন্দিনী এন্তে হবদনা পাতা। মহা পতিব্ৰতা যোৰ ভাৰ্য্য। বিবাহিতা। যত ৰাজ্যভাৰ বন্ধুগণ তেজিলন্ত। মোহোৰ স্নেহত বন বাসত আছন্ত। তোমাৰ বা কি বানাম কাহাৰ কামিনী কাহাৰ নন্দিনী তুমি ভূবন মোহিনী | শঙ্কৰৰ ভাৰ্য্য। কিব৷ আপুনি পাৰ্ব্বতী। চন্দ্ৰৰ সুন্দৰী কিবা ৰোহিণী ৰেৱতী॥ কিবা অপেশ্বৰী বিদ্যাধৰি তুমি নাৰী। কটাক্ষতে ত্ৰিভুবন মোহিবাক পাৰি। কিসক সুন্দৰী তুমি আইলা মোৰ পাশে। কহিয়ো সুন্দৰী মই পুচোঁ হাবিয়াসে। ৰামৰ বাক্যত তাই পাইলেক সৰস। কটাক্ষে হাসিয়া কৰে উল্লাস মাল্লস॥ শুনা শুনা প্ৰাণ স্বামী তুমি শ্ৰীৰাম। মই ৰাৱণৰ ভগ্নি শূৰ্পনখী নাম॥ তোমাৰ আগত মিছা কহন নযাই। ঋষিগণ মাৰি খাই ফুৰে৷ এহি ঠাই তোমাৰ ৰূপক দেখি মই ভৈলো ভোল। সুন্দৰ বদনে দিয়া আলিঙ্গন কোল॥ 8a