সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8b- অৰুণ্য কাণ্ড। কেতিক্ষণে কৈত, মৰণ মিলয়, কৰা আপোনাৰ কাম। অনন্ত কন্দলী, বোলন্ত বিনয়, ডাকি বোলা ৰাম ৰাম | 1011 FISK পদ। শূৰ্পনখী বোলে তুমি সৰ্ব্ব স্থলক্ষণ। তপসাৰ বেশে কেনে আসিভৈল৷ বন॥ কিবা দেব সিদ্ধ তুমি গন্ধৰ্ব্ব কুমাৰ। নাহি দেখো তোমাসম ৰূপ সুকুমাৰ॥ অসংখ্য ৰাক্ষস শত্ৰু আছে এহি থান। ঋষি সব মাৰিয়া ৰুধিৰ কৰে পান॥ কোথা হন্তে আসিলা কমন বাপমাৰ। কহ নাম গ্ৰাম যেবে মোত আছে ভাৱ॥ ৰামে বোলন্ত মোৰ পিতৃ দশৰথ। তাহানেসে সত্য পালি আছোঁ হোঁ বনত॥ কৌশল্যা জননী মোৰ নাম শ্ৰীৰাম। আমাৰ কনিষ্ঠ এহে লক্ষ্মণ যে নাম॥