সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
অৰুণ্য কাণ্ড

ছাড় মানুষিয়া নাৰী তেজ তাইৰ মন।
তোমাৰ আমাৰ হৌক মহা আলিঙ্গন |
এই ভাৰ্য্যা ভৈলে ৰাম আৰ কাক ডৰ।
মোৰ জ্যেষ্ঠ ভাই আছে ৰাজ৷ লঙ্কেশ্বৰ॥
ত্ৰিভুবন বিজয় দুৰ্জয় মহা যশী।
যাহাৰ চৰণ দেব গণে সেৱে আমি॥
তাহানে কনিষ্ঠ কুম্ভকৰ্ণ বিভীষণ।
আৰো দুই আছে খৰযে দূষণ
ৰাৱণ দদাৰ পুত্ৰ আছে ইন্দ্ৰজিত।
যাৰ নাম শুনি ত্ৰিভুবন ভয়ভীত॥
সীতাক ছাড়িয় ৰাম মোক কৰাসাৰ
আপুনি পশিলে৷ আলি ভাগ্যেসে তোমাৰ
যেবে বোলা আছে মোৰ পৰমা সুন্দৰী।
কিমতে ভজিবা মোক শঙ্কা পৰিহৰি|
হেৰা প্ৰভু বোলা যেবে তযু আজ্ঞা পাওঁ।
নাৰাক সীতাক এতিক্ষণে মাৰি খাওঁ॥
দেখিয়া তোমাক ৰাম থিৰনহে মন।
সীতাক তেজিয়া মোক দিয়া আলিঙ্গন॥
ৰাক্ষসীৰ বাক্যে ৰামে আনন্দক পাইলা।
ঈষত হানিয়া তেবে লক্ষ্মণক চাইলা৷৷