সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভৈলা বৰ বালা, অসমীয়া ৰামায়ণ। শোভে উচ্চ কুচ দুই। 89 মুখ চন্দ্ৰ কলা, শৰীৰ সুবাস, শোভে দিশ পাশ, মুনিগণে৷ মোহ হুই॥ ৰামৰ আত, ভৈল উপগত, ধৰি ভঙ্গি লয়লাস। কটাক্ষে চাহিয়া, ঈষৎ হাসিয়া, কৰিতে লৈলা সম্ভাষ || শুনা সভাসদ, ৰামায়ণ পদ, দুষ্ট দেখা চৰিত্ৰ। আপুনি মোহিত, হুয়া মহত্তৰ, মোহিবেক চাৱে চিত॥ এতেকে ৰামত, শৰণ লয়োক, একান্ত ভকতি কৰি। হৰি ভকতিৰ, মহিমা কি কৈবে৷ সংসাৰ তৰিতে পৰি হেন জানি আত, কৰিয়ো সঞ্জাত, শুনিয়ো ৰামৰ কথা। ধন জন সুখ, যতন ছাড়িয়া, জন্মক নকৰা বৃথা ||