সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
অসমীয়া ৰামায়ণ।

ভৈলা বৰ বালা, মুখ চন্দ্ৰ কলা,
 শোভে উচ্চ কুচ দুই।
শৰীৰ সুবাস, শোভে দিশ পাশ,
 মুনিগণো মোহ হুই॥
ৰামৰ আত, ভৈল উপগত,
 ধৰি ভঙ্গি লয়লাস।
কটাক্ষে চাহিয়া, ঈষৎ হাসিয়া,
 কৰিতে লৈলা সম্ভাষ॥
শুনা সভাসদ, ৰামায়ণ পদ,
 দুষ্টৰ দেখা চৰিত্ৰ।
আপুনি মোহিত, হুয়া মহত্তৰ,
 মোহিবেক চাৱে চিত॥
এতেকে ৰামত, শৰণ লয়োক,
 একান্ত ভকতি কৰি।
হৰি ভকতিৰ, মহিমা কি কৈবো
 সংসাৰ তৰিতে পৰি॥
হেন জানি আত, কৰিয়ো সঞ্জাত,
 শুনিয়ো ৰামৰ কথা।
ধন জন সুখ, যতন ছাড়িয়া,
 জন্মক নকৰা বৃথা॥