সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

82 অৰণ্য কাণ্ড। তোমাৰ চৰিত্ৰ শুনি, তৰয় দংসাৰ লোকে, ভৈলাহ! ঈশ্বৰ অবতাৰ। সজ্জনক ৰঞ্জিবাহা, দুৰ্জ্জনক দণ্ডিবাহা, মনোথ পূৰিবা আমাৰ এহি মতে প্ৰশং সিয়া, কল ফুল সমৰ্পিয়া, পুছিলা কুশল যত যত। দিব্য ধনু এক খান, অক্ষয় দুই গোট টুণ, ৰামক দিলন্ত ঋষি ৰাজ॥ ধনুৰ্বাণ পাই ৰাম, পৰম হৰিষ ভৈলা, ঋষি তাৰ গুণক কহিলা। এহি ধনুবাণে হৰি, দেবতাক থাপিলন্ত, অসুৰক নিঃশেষ কৰিলা। ব্ৰহ্মাৰ স্ৰজিত অস্ত্ৰ, অসুৰক খেদি খাই, যাক নিবৰ্ত্তা নাহি লোক। বিশ্বকৰ্ম্মে গঢ়িলন্ত, জ্বলে ইটো মহাৰত্ন, হৰিষে বাসবে দিল৷ মোক!! এহি ধনুৰ্বাণ ভৰে, নসহে পৃথিবী ছটে, দিলো ধন ভূবন বিজয়। শুনি ৰাম ৰঙ্গ ভৈলা, শিৰত আদৰি লৈলা, ধনু মহা জ্বলে ৰত্ন ময়॥