সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰুণ্য কাণ্ড। নিশ গোট বঞ্চি তথা, অগষ্টি আছন্ত যথা, ছলিলন্ত দক্ষিণ যে দিশ। সহস্ৰ সংখ্যাত তাত, পঢ়ে ছাত্ৰ অসংখ্যাত, দেখিলন্ত অগষ্টিৰ শিষ্য॥ দূৰতে ৰামক দেখি, লক্ষিলন্ত মহা ঋষি, শিৰে জটা বৃক্ষ চৰ্ম্ম গাৱে। হাতৰ ভৰিৰ নখ, বাঢ়ি আছে অতিৰেক উঠিলন্ত অতি শীঘ্ৰ ভাৱে। শিষ্যগণ সমে যাই, আগবাঢ়ি নিলা ঋৰি, মধুৰ বচনে আশ্বাসিয়া। ৰাম লক্ষ্মণ সীতা, অগষ্টিক দেখিলন্ত, নমিলন্ত জানু শিহুয়া॥ সকল গাৱৰ লোম, ফুলি আছে কাশি ফুল, সুন্দৰ পাণ্ডুৰ থুল কায়। ক্ৰোধে কালান্তক যম, ক্ষমায় পৃথিবীসম, আসংসন্ত ৰাঘবক চায়। ঋষিয়ে বোলন্ত ৰাম, সুমৰি তোমাৰ নাম, হোৱে মহা পাপীয়ে। পবিত্ৰ। কিনো আনন্দক দিলা, মোহোৰ থানে আসিলা, পূৰ্ণ ভৈলা মনৰ বাঞ্চিত