সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। আকাশ নিৰ্ম্মল আৰো, দিব্য খড়গ খান পাই, তাক প্ৰভু লৈলন্ত আদৰি। অগাষ্ট বোলন্ত ৰাম, আমাৰ আশ্ৰমে এথা, কটো দিন আছা ৰঙ্গ কৰি॥ দণ্ডকা বনত এথা, অনেক ৰাক্ষস আছে; সীতাক ৰাখিবা সাবধানে। প্ৰণামিয়া অগষ্টিক, এহি হৌক বুলি ৰামে, পঞ্চ বটীক কৰিল৷ পয়ানে॥ ৰাম লক্ষ্মণ সীতা, হৰিষে চলন্ত যেবে, হেন মহা বীৰ ৰাম, তোমাৰ পিতৃৰ মিত্ৰ, পথত জটায়ু দেখিলন্ত। মহা স্নেহে ডাকি বুলিলন্ত॥ শুনি ৰাম ভৈলা ৰঙ্গ মন। দশৰথ পুত্ৰ তুমি, জটায়ু বোলয় মোক, পুছিলন্ত পাছে কাজ, কহিয়োক মুনিৰাজ, কোন বংশে ভৈলা উতপন্ন॥ জটায়ু বোলন্ত ৰাম, প্ৰজাপতি দক্ষ নাম, তান জীৱ ভৈলন্ত বিনতা। কাশ্যপ ঋষিত বিহা, দিলা ৰূপে গুণে মহা স্বামীত ভকতি পতি ব্ৰতা॥ 85