সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কণ্ড। সেহি বাদ্যগীত, শুনন্ত সদাই, জল মধ্যে মনোহৰ। এতেকে ইহাৰ, পাঞ্চ অপেশ্বৰী, নাম ভৈলা সৰোবৰ। এহি কথা শুনি, ৰাম লক্ষ্মণৰ সীতাৰ ভৈলা হৰিষি। সেহি থানে প্ৰভু, পৰম আনন্দে, বঞ্চিলা পাঞ্চ বৰিষ॥ মুনিৰ আশ্ৰম, মহা মনোহৰ, চাহি ফুৰে চাৰি দিশ। মুনিগণে আসি, আৰাধন্ত সদা,

  • ভকতি কৰি হৰিষি।

গীতা ভাগৱত, পুৰাণ ভাৰত, শুনন্ত ঋষিৰ মুখে। ফল মূল খাই, ঋষিৰ লীলাই, আছিলন্ত বৰ সুখে॥ পুনু ৰাম প্ৰভু, সুতীক্ষ্ণ মুনিক, দৰিশণ পাইলা তথা। মুণিক প্ৰণাম, কৰিয়া পুছিলা, অগষ্টি আছন্ত যথা।