এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
অসমীয়া ৰামায়ণ।
বিষ্ণুক চিন্তিয়া, আছে মহা ঋষি
পাতিলেক যাই নৃত্য।
মৃদঙ্গ মন্দিৰা, চুঙ্কি মনোহৰা,
গুঞ্জৰীয়া গাৱে গীত॥
ভাঙ্গি ভাবে চলে, কৰিলয় লাস,
কটাক্ষে হানিয়া চাৱে।
উৰু চাৰু উচ্চ, কুচ ৰুচিকৰ,
নৃত্যৰ ছলে দেখাবে॥
বসন্ত সময়, কুলি কুহ্ লাৱয়,
মলয়া ভৈল সমীৰ।
প্ৰফুল্ল কমল, গুঞ্জৰে ভ্ৰমৰ,
লড়িলা মন ঋষিৰ॥
চক্ষু মেলি চায়, দেখিলা সিঠাই,
নাচে পাঞ্চ অপেশ্বৰী।
ভৈলা মহা ভোল, চাপিলন্ত কোল,
মাধবৰ ধ্যান ছাড়ি॥
ভকতিৰ বলে, পশি এহি জলে,
লৈয়া পাঞ্চ অপেশ্বৰী।
মন্দকৰ্ণি ঋষি, পৰম হৰিষি,
আছা তাতে ক্ৰিয়া কৰি॥