সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। ঋষিয়ে ৰামক, আশ্বাসি কহিলা, অগষ্টিৰ উপদেশ। বৈষ্ণব ঋষিৰ, ধূলা শিৰে লৈয়া, ছলি গৈলা হৃষি কেশ॥ আগত শ্ৰীৰাম, পাছত লক্ষ্মণ, মাজত ঘান্ত জানকী। পৰম কৌতুক, লভিবো অধিক, আজি অগষ্টিক দেখি ৰামে বোলন্ত, নৌগুনা লখাই অগষ্টি ৰাউলৰ কথা। বাতাপি ইল্লাল, অসুৰ দুই ভাই, পূৰ্ব্বত আছিলা এথা॥ ১ জ্যেষ্ঠ গোট তাক, বোলয় ইল্লাল, ব্ৰাহ্মণৰ বেশ ধৰি॥ পিতৃ শ্ৰাদ্ধ বুলি, অনেক ঋষিক, যাই নিমন্ত্ৰণ কৰি কনিষ্ঠ বাতাপি, তাঙ্ক মেষ পশু, কৰি থোৱে সেহি ঠাৱ। জানে বহুমায়া, ঋষিগণ গৈলে, সবাৰে ধুৱাৰে পাৱ।