সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
অৰণ্য কাণ্ড।

 

দুলড়ি।

ধৰ্ম্মভৃত্য ঋষি, কহন্ত হৰিষি,
 শুনিয়োক প্ৰভু ৰাম।
এহিস্থানে এক, ঋষি আছিলন্ত,
 মন্দকৰ্ণি তান নাম॥
বায়ুভক্ষি দশ, হাজাৰ বৎসৰ,
 কৰিলা তপ দুষ্কৰ।
বিষ্ণুত সাধিলা, তেহেন্তে নিৰ্ম্মিলা,
 ইটো মহা সৰোবৰ॥
তান উগ্ৰতপ, দেখি শচীপতি,
 ইন্দ্ৰ মহাভয় ভৈলা।
মোৰ ইন্দ্ৰ পুৰি,  যোনো লোৱে কাঢ়ি,
 দেব সমে আলোচিলা॥
তপভঙ্গ কাজে, গুণি দেবৰাজে,
 বাচি পাঞ্চ অপেশ্বৰী।
ঋষিৰ পাশক, আশ্বাসি পঠাইলা,
 অলঙ্কাৰে চিত্ৰ কৰি॥