সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ৰামায়ণ। পদ। কতোদূৰ যান্তে যেবে আছা প্ৰভুৰাম। আশ্ৰমেক পাইল৷ ৰবি মণ্ডল উপাম॥ তৃপিতি ভৈলন্ত সীতা শ্ৰীৰাম লক্ষ্মণ। সদা বেদধ্বনি তাত কৰে ঋষিগণ॥ ৰামক দেখিয়া মুনিগণ ৰঙ্গ ভৈলা। চতুৰ্দ্দিশে বেৰি যাই আশংসা কৰিলা॥ প্ৰশংসা বচনে বুলিলন্ত স্তুতি বাক। কৰিলা পবিত্ৰ প্ৰভু আসিয়া আমাক॥ ৰামে বুলিলন্ত হাসি শুনা সবে ঋষি। কৰিয়ো নিৰ্ভয়ে তপ এহিবনে পশি॥ ৰাক্ষ্য কৰিবো ক্ষয় এহিবনে বসি। ঘোৰ অন্ধকাৰ যেন হৰে পূৰ্ণ শশী॥ ঋষিগণ সমে ৰাত্ৰি বঞ্চি সিঠাৱত। ঋষিক নিৰ্ভয় দিয়া চলে প্ৰভাতত॥ হাতে শৰ ধনু গাৱে সন্নাহা ছড়াইলা। মধ্য কৰি সীতাক গহন বন পাইলা | বনে বনে ভ্ৰমন্ত যে শ্ৰীৰাম লক্ষ্মণ। বিকট ৰাক্ষস গোট পাইলা দৰিশণ॥