সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। লক্ষ্মণ দেৱৰ মোৰ, চিৰকালে জীৱৰ্ত্তোক, মাতৃৰতে কৰে প্ৰতিপাল। সপনে সচিতে মই, এহি মাত্ৰ বৰ সাধো, ৰাম সমে যাউক মোৰ কাল॥ সীতাৰ কাহিনী শুনি, অনশুৱা তুষ্ট ভৈলা, সীতা সবে কহিলন্ত, প্ৰভাতে ঋষিক সমি, শুনিয়োক নৰলোক, আশ্বাসিয়৷ দিলন্ত বিদাই। দিব্য অলঙ্কাৰে মণ্ডি, সীতা আসি বাজ ভৈলা, দেখিৰঙ্গ ভৈলা দুই ভাই॥ ৰাত্ৰি গোট বঞ্চিলন্ত, ৰাম লক্ষ্মণ সীতা, সেহিপুণ্য বনে ৰঙ্গ মনে। পুলু চলি গৈলা আনবনে ৰাম মনে ধৰিয়োক, আন কথা কৰা পৰিহাৰ। ৰামক কৰিও সেৱ, ৰামেসে পৰম দেৱ, ৰাম বিনে গতি নাই আৰ। যতেক মহন্ত গণ, ইহাতেসে সদ৷ মন, ৰামৰেসে নাম গুণ গাৱে। অনন্ত কন্দলী কহে, এহিজানি নিৰন্তৰে, ৰাম বোলা প্ৰাণ থাকে যাৱে॥