সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰণ্য কাণ্ড। নাম তাৰ বিৰাধ পৰ্ব্বত নম দেখি। li মঙ্গল গ্ৰহৰ বৰ্ণ ৰঙ্গ। দুই আঁখি নাকগোট বেঙ্কা যে কুলা হেন কাণ। লহ লহ জিহ্বা মুখ অগনি সমান॥ আঙ্গাৰৰ বৰ্ণ গাৱে অগ্নিশিখা কেশ। দশন ত্ৰিশূল সম বদন কুবেশ॥ গিৰিশৃঙ্গ সম শিৰ গোট থুলন্তৰ। তাৰ ৰূপ দেখি সীতা পাইলা বৰ ডৰ। আঠগোট সিংহ সিটো মাৰিয়া লৈলেক। হস্তী গোট মাথা কাটি তথাতে থৈলেক। খানিতেক গৈয়া বাঘ গোট মাৰি খাইলা। ৰুধিৰে সহিতে তাৰ চৰ্ম্মক পিন্ধিলা | ঋষি সব মাৰিয়া ভুঞ্জয় প্ৰতি দিনে। নিৰ্ভয়ে ভ্ৰময় দুষ্ট দণ্ডকৰ বনে। ৰাম লক্ষ্মণ সীতা তিনিকো দেখিলা। মহা ভয়ঙ্কৰ সিটো নাদক তেজিলা | বিৰাধে পাইলেক বুলি পলাই সব ঋষি। দুই ভাইৰ মাজে সীতা আছন্ত তৰাসি॥ দুৰ্জ্জয় বিৰাধ যেন চিলে চাম্প দিলা। সীতাক কোলাত লৈয়া গগণে চলিলা