এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
অৰণ্য কাণ্ড।
সূৰ্য্যৰ কিৰণে আতি, জ্বলে যেন পুষ্প পান্তি,
স্থল পদ্ম প্ৰকাশে অশেষ।
বনৰ দেখিয়া শ্ৰী, তোষ ভৈলা ৰাম হৰি,
চাহি চাহি ফুৰন্ত নিশেষ॥
মধুপিৱা পক্ষী ৰাৱে, আতি সুললিত ভাবে,
ভ্ৰমৰে গুঞ্জৰে ফুৰি ফুৰি।
ৰামে বোলন্ত লখাই, আৰ সম বননাই,
দেখ প্ৰাণ ভাই চক্ষু ভৰি॥
মলয়া সমীৰ বহে, দেখি মোৰ তনু দহে,
মদনে হানিল পাঞ্চ বাণ।
সঙ্গে নাই প্ৰাণেশ্বৰী, জীউ আবে কেন কৰি,
কাম বাণে ছুটে মোৰ প্ৰাণ॥
লক্ষ্মণে বোলন্ত দদা, মনথিৰ কৰিয়োক,
আপুনি ঈশ্বৰ তুমিহৰি।
কবন্ধে বুলিলা যত, সবে ভৈলা উপগত,
ছড়িয়োক ঋষ্যমুখগিৰি॥
লক্ষ্মণৰ বাক্য ধৰি, ৰামে মন থিৰ কৰি,
ছড়িলেক ঋষ্যমুখগিৰি।
দেখিলন্ত নিৰ মল, নানা বিধ ফুল ফল,
পৰ্ব্বতৰ ওপৰত ছড়ি।৷