সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৩
অসমীয়া ৰামায়ণ।

তাৰতীৰে আছে সিদ্ধা, বয়সত আতি বৃদ্ধা
 তিৰী জাতি নামত সৌবৰি।
ৰামক দেখিয়া তাই, নাৰায়ণ হেন জানি,
 প্ৰণামিলা দণ্ডৱত কৰি॥
তাইৰ পৰি চয় ভৈলা, ৰাম সমে কথা কৈলা,
 তাইৰ মহা যোগ সিদ্ধি ভৈলা।
ভকতিৰ প্ৰসাদত, সিদ্ধি ভৈলা মনোৰথ,
 স্বৰ্গৰ বিমান আসিয়া পাইলা॥
ৰামৰ চৰণ ধূলি, শিৰত লৈলন্ত তুলি,
 কৰিয়া বিনয় বহুমান।
পাছে সেই ৰথে ছড়ি, সৌবৰি বৈকুণ্ঠে গৈলা,
 বিষ্ণু ৰূপ ধৰি বিদ্যমান।৷
ৰাম লক্ষ্মণ দুই ভাই, হৰিষে ৰহিলা চাই,
 মনোহৰ সৰোবৰ সম্পা।
চতুঃপাশে আছে যুড়ি, বিল্ববৃক্ষ শাৰী শাৰী,
 অশোক বকুল জাই চম্পা॥
লবঙ্গ মালতি জুতি, শোভন মৰুৱা আতি,
 গুটি মালি সেৱালী ত্ৰিপুৰ।
চন্দন নন্দন কুন্দ, কৰবিৰ নাগেশ্বৰ
 সদ্য গন্ধ চন্দন প্ৰচুৰ॥