সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৫
অসমীয়া ৰামায়ণ।

 

দুলড়ি।

গিৰিৰ নিকট, দেখিলা প্ৰকট,
 পস্থ আছে ওপৰক।
সেহি পন্থ ধৰি, চলন্ত মুৰাৰি,
 নিৰখি গিৰি শৃঙ্গক॥
নানা পশু পক্ষী, থানে থানে দেখি,
 নানা বিধতৰু লতা।
পাঞ্চ বানৰক, দেখিবে লাগিয়া,
 চলন্ত জগত পিতা॥
পাঞ্চবানৰৰ, ভাগ্য আসি ভৈলা,
 প্ৰবেশিলা প্ৰভুতথা।
আবে এহিমানে, সমাপতি ভৈলা,
 অৰণ্য কাণ্ডৰ কথা॥
কামৰূপে সাৰ, হাজো নামে যাৰ,
 অতি সন্ত পুণ্য দেশ।
গিৰিৰ নিকটে, আছন্ত প্ৰকটে,
 হয়গ্ৰীব ঋষি যশ।