সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
অৰণ্য কাণ্ড।

কতো দূৰে মনোহৰ আছে সম্প৷ সৰোবৰ
 পাইবা ঋষ্য মুখ গিৰি কাছে।
সুগ্ৰীৱ যে হনুমন্ত, নীল জাম্বৱন্ত,
 পাঞ্চ বানৰ তাতে আছে।৷
সুগ্ৰীৱৰ ভাই বালী, বানৰ দাৰুণ বলী,
 সুগ্ৰীৱক পঠাইলা দেশৰ।
ভাৰ্য্যাক লৈলেক কাঢ়ি, পাঞ্চ বানৰৰ সমে,
 পলাই আছন্ত পৰ্ব্বত ওপৰ॥
তেহে সমে মিত্ৰৱতি, কৰি পাছে ৰঘুপতি,
 ৰাৱণক বধিয়ো ৰণতে।
জানকীক তাৰিয়োক, ৰাৱণক নিপাতোক,
 শুনি তাক তৰোক জগতে।৷
এহি কহি ৰথে ছড়ি,  জয় জয় ৰাম বুলি,
 প্ৰণামি স্বৰ্গক সিটো গৈল।
লক্ষ্মণ সহিতে হৰি, পাছে সেহি পন্থ ধৰি,
 চলিলা মনত ৰঙ্গ ভৈল॥
পাছে সম্পা সৰোবৰ, পাইলা যাই মনোহৰ,
 বহল নিৰ্ম্মল ৰম্য জল।
ৰাজ হংস চক্ৰ বাক, পক্ষী চৰে ঝাকে ঝাক,
 ফুলি আছে উৎপল কমল॥