সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯১
অসমীয়া ৰামায়ণ।

হেন কৃপাময় আন আছে কোন ঠাৱ।
জানি কোন নিদাৰুণে তেজে তান পাৱ।৷
ধনজন মদে অন্ধ কিনো মন্দ লোক।
ৰামক নভজি সদা ভুঞ্জে দুখ শোক॥
নমো ৰামচন্দ্ৰ প্ৰভু হুয়োক সদয়।
ভজোক তোমাক লোকে তেজিয়া শংসয়॥
তযু কৃপা গুণ কেনে জানিবো তোমাক।
ভকতৰ বন্ধু প্ৰভু তাৰিয়ো আমাক॥
জানি জ্ঞানীগণ মন কৰা দৃঢ় মতি।
শুনিয়োক হৰিকথা বাঢ়োক ভকতি॥
অনন্ত কন্দলী কহে এড়া আন কাম।
জন্মক সাফলি ডাকি বোলা ৰাম ৰাম॥

⸺০⸺


ছবি।

কৃতাঞ্জলী কৰি পাছে, কবন্ধ গন্ধৰ্ব্বে বোলে,
 শুনিয়োক প্ৰভু ৰাই।
সীতাৰ উদ্দেশ হেতু, উপাই এক দেওঁ মই,
 পূৰ্ব্বে দিশে চলা দুই ভাই।৷

(১৩)