সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮২
অৰণ্য কাণ্ড।

দুইভাই চাই মনেকৰিলন্ত থিৰ।
সীতাৰ কাৰণে মৰিলন্ত দুই বীৰ॥
এহি বুলি বিচাৰি ফুৰন্ত সেই বনে।
কটে৷ দূৰে জটায়ুক পাইলা দৰিশন।৷
দেখিলা পক্ষীৰতনু শোনিতে তিন্তিলা।
শীঘ্ৰে শৰ যুড়ি ৰামে সম্বিত চাপিলা॥
লক্ষ্মণক বোলন্ত শুনিয়ো প্ৰাণ ভাই।
এহিপক্ষী খাইলে সীতা একেশ্বৰী পাই॥
মায়াৱন্ত ৰাক্ষস ছটক ৰূপে আইলা।
প্ৰাণেশ্বৰী সীতা ইটোগৰ্ভে জীন গৈলা।৷
হৰি হৰি সীতা বান্ধৈ জনকৰ জীৱ।
গৃধৰ ঠোঠৰ ঘাৱে তোৰ গৈল জীৱ।৷
মোক মহা স্নেহে লক্ষ্মণক পঠাই দিলি।
গৃধ অগনিত পৰি পতঙ্গ নাশিলি।৷
হাউৰে পাপিষ্ঠ পক্ষী তোৰমান সাৰো।
মোৰ ভাৰ্য্যা খাইলি তোক বিগুটিয়া মাৰো॥
এহি বুলি বাণ প্ৰভু ধনুত যুড়িল।
চক্ষু মেলি পক্ষীৰাজে ৰামক দেখিল।৷
ভ্ৰাহি ত্ৰাহি ৰাম বুলি কৰে আৰ্ত্তৰাৱ।
মোক লাগি প্ৰভু তেজিয়োক ক্ৰোধ ভাৱ।৷