সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৩
অসমীয়া ৰামায়ণ।

সীতাক ৰাখন্তে মোৰ হত ভৈলা প্ৰাণ।
জটায়ু মোহোৰ নাম গড়ুৰ নন্দন।৷
তোমাৰ ভাৰ্য্যাক হৰি নিলেক ৰাৱণে।
তাক লাগ পাই আগ বাঢ়ি দিলোঁ ৰণে।৷
সৰ্ব্বাঙ্গে ঠাহিলোঁ তাক কিৰিটি ছড়াইলোঁ।
ভাঙ্গিলো ৰথক তাক ভূমিত নমাইলোঁ।৷
ন্যায় যুদ্ধে নপৰিয়া অন্যায় কৰিল।
চন্দ্ৰহাস হানি মোৰ পখাক ছেদিল॥
তোমাৰ সেৱক মোক জান৷ প্ৰাণনাথ।
ভৈল মনোৰথ বাৰ্ত্তা কহিলোঁ তোমাত।৷
তযু কাজ সাধিবাক নভৈল শকতি।
এহিসে থাকিল খেদ আমাত সম্প্ৰতি॥
মোৰ ভাগ্য ভৈল গৈলা তযু অৰ্থে প্ৰাণ।
মোৰ সম ভাগ্যবন্ত আছে কোন থান।৷
যিটো ৰাম নাম সুমৰিলে পাৱে গতি।
তাঙ্ক দেখে৷ মৃত্যু কালে কিনো ভাগ্যবতি।৷
এহি কথা শুনি ৰাম লক্ষ্মণ দুইভাই।
জ্বটায়ুক ধৰিলেক গলে চাপি যাই॥
ভকতৰ দুখ দেখি নসহে শৰীৰ।
দুইভাই কান্দন্ত নেত্ৰৰ বহে নীৰ॥