সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮১
অসমীয়া ৰামায়ণ।

অজিজ্ঞা সি ক্ৰোধ কেনে কৰাহা আপুনি।
জগতৰ বৰ্ব্বৰক বুজাইবেক কোনি।৷
তুমি ব্ৰহ্ম৷ তুমি বিষ্ণু তুমি ত্ৰিপুৰাৰি।
তুমি বিনাশিলে কোনে ৰাখিবেক পাৰি॥
পূৰ্ব্বত আপুনি প্ৰভু সৃজিল৷ জগত।
কাল নতু হন্তে কেনে কৰিবাহা হত॥
বৈষ্ণবক পালিবাক ভৈলা অবতাৰ।
দুৰ্জ্জনক বাচি বাচি কৰিবা সংহাৰ॥
এহি কথা শুনি তযু তৰে নৰ লোক।
সীতাৰ শত্ৰুক মাৰোঁ মহাকীৰ্ত্তি হৌক॥
শীতল স্বভাব ধৰা উগ্ৰৰূপ এৰা।
শৰক সম্বৰি প্ৰভু লোক ৰক্ষা কৰা॥
ইটে৷ কোপে আপোনাৰ যশ বিনাশয়।
আপুনি ঈশ্বৰ ইটো যোগ্য নুহিকয়॥
লক্ষ্মণৰ বোলে ৰামে শৰ সম্বৰিল।
পুনু দুইভাই সীতা চাহিতে চলিল॥
কতোদুৰ যাই দেখিলন্ত ৰঘুৰাজ।
ৰথ খান ভাঙ্গি পৰি আছে বন মাজ॥
ৰামে বোলন্ত লখাই দেখ বিপৰীত।
ৰথধ্বজ ভাঙ্গি পৰি আছে পৃথিবীত॥