সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮০
অৰণ্য কাণ্ড।

নাগ নৰ যজ্ঞ আৰো ৰাক্ষসক মাৰোঁ।
সীতাক নিস্তাৰি দৈত্য দানব নিবাৰোঁ।৷
ৰাম নাম কীৰ্ত্তি কৰোঁ পাতেক সংহৰোঁ।
এহি অগ্নি শৰ মাৰোঁ ত্ৰৈলোক্য বিদাৰোঁ॥
মোৰ ভাৰ্য্যা হৰি সুখে জীৱে কেন কৰি।
উদয় গিৰি অষ্ট গিৰি সব পেলাওঁ চিৰি॥
তিনিয়ো ভূবণ ছেদি ব্ৰহ্মাণ্ডক মাৰি।
কৰিবো নিৰ্জ্জন আজি সবে মান সাৰি।৷
এহি বুলি ৰাম চন্দ্ৰ ভৈলা কাছ পাৰ।
দেবতা গণক লাগি যুড়িলন্ত শৰ।৷
দশ দিশ পাল সবে তোৰা হৈব৷ সাক্ষী।
সীতা অবিহনে মই আছোঁ প্ৰাণ ৰাখি॥
এহি বুলি প্ৰভু ধনু কৰিল৷ টঙ্কাৰ।
লড়িলা ব্ৰহ্মাণ্ড প্ৰজা ভৈলা চমৎকাৰ॥
ঊৰ্দ্ধক সন্মুখে মানে যুড়িলেক শৰ।
হাতত ধৰিলা দেখি লক্ষ্মণ কুমাৰ।
সম্বোদ্ধি বোলন্ত দাদা তেজিয়োক মৰ্ম্ম।
জগতক বিনাশিবা ইটো কোন ধৰ্ম্ম॥
কোনে হৰিলেক সীতা নিৰ্ণয় নজানি।
জগত দহিবা কেনে বহ্ণিশৰ হানি।৷