সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৭
অসমীয়া ৰামায়ণ।

দেখো সীতা অবিহনে দিনতে আন্ধাৰ।
কি কৰিবো ৰাজ্য ভোগ আৰ ৰাজ্য ভাৰ॥
প্ৰাণেশ্বৰী অবিহনে মৰোঁ এহি বনে।
কৈকই মাতৃৰ আবে ৰঙ্গ ভৈল৷ মনে॥
এহি বুলি ৰঘুপতি পৰিলন্ত ঢলি।
লক্ষ্মণে ধৰিল৷ পাছে তুলি আঙ্কোৱালী॥
হেঠ মাঠে লাজে বুলিলন্ত মৃদু বাণি।
মোক মন্দ বোলা দদা শুনিয়ো কাহিনী।৷
তযু আৰ্তনাদ শুনিলন্ত সীতা সতী।
মোহোক বোলন্ত চলা ৰাঘবৰ ভিতি॥
ৰামৰ আৰাৱ শুনি মোৰ প্ৰাণ যাই।
স্বামী ভিক্ষা মাগোঁ মোক দিয়োৰে লখাই।৷
মই বোলোঁ মহাসতী তেজা অসন্তোষ।
ইটো ৰবিতলে নাই ৰামৰ বিনাশ॥
মহা ক্ৰোধে সীতা পাছে বুলিলন্ত বাণি।
জানিলোঁপাপিষ্ঠ তই নাযা জিবা গুণি॥
ইয়াকেসে লাগি আসি আছা বন মাজ।
ৰামৰ মৰণে মোৰ তোত নাহি কাজ॥
দুৰ্ব্বাৰ বচনে মোৰ হৃদয় কম্পিলা।
সৰল বৃক্ষত যেন নিৰ্ঘাত পৰিলা।৷