সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৬
অৰণ্য কাণ্ড ৷

আপুনি ঈশ্বৰ হৰি।
সীতাৰ সদৃশ আন।
এতেক ৰামৰ শোক।
ভকত বৎসল বলি।
ভকতৰ গতি ৰাম |
যাত পাই অনুপাম।
সংসাৰ ভৰিতে কাম।
ধৰ্ম্ম অৰ্থ মোক্ষকাম।

   

ভকতক শোক কৰি॥
ভক্ত আছে কোন থান॥
আত শঙ্কা তেজিয়োক॥
সৰ্ব্বশাস্ত্ৰে কহে তুলি॥
ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥
শুনা তান গুণ নাম॥
আছে যাৰ অভিৰাম।
ডাকিবোলা ৰাম ৰাম॥

⸺ ⸺০⸺ ⸺


পদ।

ৰামে বোলন্ত আবে মোৰপ্ৰাণ যাউক।
দণ্ডকা বনত শৃগালে বেঢ়ি খাউক॥
কোন কৰ্ম্ম দোষে মোক বঞ্চিলেক বিধি।
জংকৰ জীৱ ভৈল সপোনৰ নিধি॥
হা হা লক্ষ্মণ ভাই কি কৰিলি মোক।
কহিত এড়াবো যাই জানকীৰ শোক॥
সীতাক তেজিয়া কেনে খেদি আইলি মোক।
বুক খাণ্ডা হানো মোৰ তোৰ সুখ হৌক।৷