সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৮
অৰণ্য কাণ্ড।

এহিসে কাৰণে ময়ো নিৰুৎসাহ ভৈলোঁ।
আগ পাছ দেখাই তভু অনেক বুলিলোঁ।৷
তভু বুলিলন্ত সীতা চলা এতিক্ষণ।
তযু পাশে আসি ভৈলোঁ এহিসে কাৰণ॥
আপদ কালত মহন্তৰো মতিভ্ৰম।
কোনে খণ্ডিবাক পাৰে বিধিৰ বিক্ৰম॥
মুন্য পৰিহৰি জ্ঞান ধৰিয়ো মনত।
সীতাক বিচাৰোঁ আসা দণ্ডকা বনত॥
যক্ষ ৰাক্ষস আত আছে ঝাকে ঝাক।
কোনে কেন মায়াকৰি নিলেক সীতাক।৷
যদিবা নিলেক বলে আসি মায়া কৰি।
তবে বা সান্তিক কেহু কি কৰিতে পাৰি।৷
জানিবাহা তাৰ আসি ভৈলা আয়ু ক্ষীণ।
তোমাৰ আচৰি দ্ৰোহ জীবে কত দিন॥
দুৰ্জ্জনক বধি পুনু লভিবা সীতাক।
আসিয়ো বিচাৰোঁ বনে শুনা মোৰ বাক॥
ৰাঘবে বোলন্ত লখাই তইসে অবোধ।
স্ত্ৰীৰ উত্তৰে তোৰ এতমান ক্ৰোধ॥
ভোক মন্দ বুলি আবে কোন কাৰ্য্য সাধি।
কোনে বাধিবেক যেন লিখি আছে বিধি॥