সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৫
অসমীয়া ৰামায়ণ।

কাল চিলে দিলে থাপ।
ভাৰ্য্যাৰ পাইলোহো তাপ।
বন্ধুজন তেজিলোহো।
ৰাখিবাক নপাৰিলোঁ।
কোন লাজে ধৰোঁ প্ৰাণ।
সীতাৰ সদৃশ আন।
আৰ কাক সঙ্গে লৈয়া।
দেখি আৰ কাৰ মুখ।
হৰি হৰি সুলক্ষিণী।
কুৰঙ্গ নয়নী বালা।
কোনসতে মোক ছাড়ি।
কিনোতোৰ বজ্ৰ হিয়া।
ছাৰিলি সকল দয়া।
জানকী জানকী বুলি।
সীতা সীতা ডাক ছাড়ি।
সীতাৰ ৰূপক স্মৰি।
নেত্ৰৰ লোতক পৰি।
ভকত সীতাৰ স্নেহে।
বাতুলে চেঞ্চান্ত যেনে।
শুনা সবনৰ নাৰী।৷

   

কিবা ভৈলা ঋষিশাপ॥
ভাঙ্গিল সকল দাপ॥
ভাৰ্যাসঙ্গে আসিলোহো॥
শত্ৰুজন হসুৱাইলোঁ।৷
হৰুৱাইলোঁ শ্ৰুতি জ্ঞান।৷
ভাৰ্য্যা পাইবো কোন আন॥
থাকিবো তৃণত শু‍ইয়া॥
পাশৰিবে৷ বন দুখ।৷
চন্দ্ৰমুখী মধ্যাক্ষিণী॥
জানানে চৌষষ্টি কলা।৷
গৈলি তই প্ৰাণেশ্বৰী॥
গৈলি মোক বহ্ণি দিয়া॥
তেজি গৈলি প্ৰাণ জায়া।৷
ডাক দেন্ত বাহু তুলি॥
নিঢালে ভূমিত পৰি॥
কান্দন্ত ৰাঘব হৰি॥
তিন্তে সব বসুন্ধৰী॥
ৰামৰ শৰীৰ দহে॥
নিশ্বাস কাঢ়ন্ত ঘনে।৷
একচিত্ত মন কৰি॥

(১২)