সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৪
অৰণ্য কাণ্ড।

সাক্ষাতে ঈশ্বৰ হুয়া দেখা কেন মত।
সামান্য লোকৰ আৰ কি কৈবো মহত্ত্ব॥
ৰাম বিলাপ দেখা কেনে নৰনাৰী।
খণ্ডোক দাৰুণ শোক বোলা হৰি হৰি॥

⸺ ০ ⸺


ঝুমুৰি।

হৰি হৰি প্ৰাণেশ্বৰী।
কোন মোৰ প্ৰাণ বৈৰী।
হৰি হৰি প্ৰাণ জায়া।
তোহোৰেসে মুখ চায়া।
হৰি হৰি ৰূপৱতী।
মোক কৰি অনাথিতি।
তোৰ সম শান্তি নাই।
কিবা ৰোষে কৰি যাই।
ঝাণ্টে আসা মোৰ থান।
তোত পৰে বন্ধু আন।
কৰিলোঁ দুৰ্ঘোৰ পাপ।
ৰাজ্যৰো ভাগিল কাপ।

   

সীতা মোৰ সইতৰী॥
তোহক নিলেক হৰি॥
সৰ্ব্বাঙ্গে সুন্দৰ কায়া॥
থাকো দুখ পাশৰিয়া॥
মহাশয়া গুণৱতী॥
কোনে নিলে কোন ভিতি॥
বনবাস দুখ পাই॥
পলাই আছা কোন ঠাই॥
হেৰা মোৰ যাই প্ৰাণ॥
নাহি মোৰ আন থান॥
বনক পঠাইলা বাপ॥
তেবে মৰিলন্ত বাপ॥