সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৩
অসমীয়া ৰামায়ণ।

কেৰুৱাৰ নাদে আৰো থিৰ নোহে চিত্ত।
লখাই এড়ি আসে জানে৷ সীতাৰ সন্নিত॥
এহি গুণি ৰাম চন্দ্ৰ আকুলে আসন্ত।
পন্থত লক্ষ্মণ যান্ত তাঙ্ক সেখিলন্ত॥
হা হা লখাই কিনো কৰিলি অকাজ।
বুৰাইলি সীতাক এড়ি আইলি বনমাজ॥
মৃগৰূপ ৰাক্ষসক মাৰিলোঁ এখনে।
মৰন্তে কাঢ়িলে ৰাৱ সিটো মোৰ ঠানে॥
সেহি শুনি কিবা মতি বিহৰিল তোৰ।
জানিলো সীতাক মোৰ হৰি নিলে চোৰ॥
এহি কহি দুই ভাই আসিল লবড়ে।
পশিলন্ত যাই বেগে আশ্ৰম ভিতৰে॥
দেখিলন্ত ৰঘুনাথ নাহিকন্ত সীতা।
বিকল ভৈলন্ত প্ৰভু জগতৰ পিতা॥
সীতা সীতা বুলিয়া ছাড়ন্ত আৰ্ত্তৰাৱ।
লক্ষ্মণেও বিচাৰন্ত বিহ্বল স্বভাৱ॥
আশ্ৰমত বিচাৰি যেবে সীতাক নপাই।
মূৰ্চ্চা গৈলা ৰাম চন্দ্ৰ শোকে প্ৰাণ যাই।৷
ৰাম চন্দ্ৰে কান্দন্ত সীতাৰ গুণ স্মৰি।
হা বিধি বধিলি সীতাক দূৰ কৰি॥