সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৬
অৰণ্য কাণ্ড।



দুলড়ি।

তাহাৰ মধ্যত, বৃক্ষ এক আছে,
 প্ৰসিদ্ধ শিংসপানাম।
সুবৰ্ণে মাণিকে, ফলে ভিণ্ডি বান্ধি,
 ৰঞ্জি আছে নানা কাম॥
তাহাৰ মূলত, সীতাক বেঢ়িয়া,
 আছয় ৰাক্ষসী চয়।
ৰাৱণৰ বোলে, খনো ডৰুৱায়ে,
 বোলয় খনো বিনয়॥
সীতাক ৰাৱণে, হৰিয়া আনিলো,
 জানিল ৰাক্ষস লোক।
কৰে কাণা কাণি, পাইলেক বিঘিনি,
 কৰে চিন্তাভয় শোক॥
কেহো বোলে ইটো, সীতাক হৰিয়া,
 নকৰিলে কাৰ্য্য ভাল।
ৰামৰ হাতত, ৰাক্ষস কুলৰ,
 জানিলোঁ মিলিল কাল॥