সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৭
অসমীয়া ৰামায়ণ।

সুখে থাকিবাক, নপাইবো লঙ্কাত,
 পুত্ৰে পৌত্ৰে চিৰকাল।
পাপিষ্ঠ ৰাৱণ, ৰাক্ষস কুলৰ,
 হানিলা হিয়াত শাল॥
কেহো কেহে৷ দুষ্ট, ৰাক্ষসে বোলয়,
 শোকভয় দূৰ কৰা।
ৰাৱণ ৰাজাক, মানুষ ৰাঘবে,
 নহিবেক সমসৰ।৷
এহিমত কথা, লঙ্কাত মিলিল,
 ৰাক্ষসৰ সুখ নাই।
পাছে ব্ৰহ্মা জানি, বুলিলন্ত বাণি,
 বাসবৰ মুখ চাই।৷
নিৰাহাৰে সীতা, লঙ্কাত আছন্ত,
 ৰামৰ বাৰ্ত্ত৷ নপাই।
প্ৰাণে নাশিবন্ত, নিষ্ফল হৈবন্ত,
 কৰিলা যত উপাই।৷
শীঘ্ৰে ইন্দ্ৰ তুমি, লঙ্কাক চলিও,
 ৰামৰ বাৰ্ত্তা জনাও।
দিব্য পৰমাণ, কৰি বহুমান,
 জানকীক নিয়া দিয়ো॥