সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৫
অসমীয়া ৰামায়ণ।

ৰামত পালতোক মন, পাশৰয় যেন মতে,
 আমাত কৰয় যেন মন।
খনো খনো ডৰুৱাইবা, খনে প্ৰীতি বিনাইবা,
 দিবা দিব্য বসন ভূষণ॥
ৰাবণৰ হেন বাণি, ৰাক্ষসী সকলে শুনি,
 সীতাক আবৰি লৈয়া গৈলা।
অশোক অৰণ্য খান, সৰ্ব্ব গুণে সুশোভন,
 তহিতে সীতাক নিয়া থৈলা।৷
দেব বৃক্ষ আছে তাত, কল্পতৰু পাৰি জাত,
 না না বিধ মন্দাৰ সন্তান।
হেম ময় বৃক্ষচয়, ফলে ফুলে মনোময়,
 ৰত্ন ময় জ্বলে থানে থান॥
তাতে দীৰ্ঘ সৰোবৰ, জ্বলে মহা মনোহৰ,
 ফুলি আছে কমল উৎপল।
সুবৰ্ণৰ বহু পাত, সুবৰ্ণ প্ৰকট ঘাট
 পক্ষীচয় কৰে কৌতু হল॥
পুষ্পৰ সুৰভি গন্ধে, মলয়৷ সমীৰ বহে,
 কোকিল ভ্ৰমৰে কৰে নাদ।
ৰাৱণৰ ক্ৰিড়৷ স্থান, ত্ৰিভুবনে অনু পাম,
 দেখি মন হয় উন্‌মাদ॥