সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৪
অৰণ্য কণ্ড।

স্বামী মোৰ মহাশান্ত, পুৰুষ মহন্ত সন্ত,
 মহা পুণ্য কীৰ্ত্তিক থৈবন্ত।
দুগতিক তৰিবন্ত, মোৰ শোক হৰিবন্ত
 পুনু ৰূপি ৰাজ্য লভিলন্ত॥
তোৰ মুখ নচাহিবো, কদাচিতো নবৰিবো,
 চুইলে তোক শাপি বিনাশিবো।
ৰাম নাম জপিবোহো, নিৰাহাৰে থাকিবোহো,
 নুহি ৰাম সুমৰি মৰিবো॥
শুনৰে ৰাৱণ পাপী, হস তই মহাতপী,
 নিজ পূণ্য কৰস বিনাশ।
মোতো যোনু সিজে পাপ,এতেকেসে নেদো শাপ,
 তাতেসে মোহত আশ্বাস॥
গুচ গুচ নিশাচৰ, ওচৰ নচাপ মোৰ,
 মৰিতে গৰল তুলি খাস।
যদি বলে হৰা তই, চণ্ড শাপ দিবো মই,
 অবশ্যে কৰিবো তোক নাশ॥
সীতাৰ দাৰুণ বাণি, দুৰ্জ্জয় ৰাৱণে শুনি,
 ৰাক্ষসী লোকক পাঞ্চিলেক।
অশোকা বনত নিয়া, সীতাক যতনে ৰাখ,
 নলাগয় এথা থাকিবাক॥