সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬১
অসমীয়া ৰামায়ণ।


দুলড়ি।

সীতায়ে ধোলয়, হাউৰে ৰাৱণ,
 অদ্যাপি পাপী লপস।
দশৰথ বধূ, ৰামৰ ৰমণী,
 মোহুক তই বাঞ্চস॥
পাপিষ্ঠ নিলাজ, নুবুজস কাৰ্য্য,
 নিষ্ফল ৰাক্ষস জাতি।
কুল সংহাৰিলি, আসি ভৈলি চোৰ,
 আৰ মোত চাস ৰতি॥
হৰৰ জটাত, অগনি লগাইলি,
 মোক আনিলে হৰি।
অবসান কালে, বুদ্ধি হৰুৱালি,
 সবান্ধবে গৈলি মৰি॥
যত যশ কথা, কহ তই বৃথা,
 নপশে মোৰ কাণত।
ইটো তোৰ শ্ৰীক, বিষ্ঠাত অধিক,
 দেখোহো মই সমস্ত॥