সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬২
অৰণ্য কাণ্ড।

মোৰ স্বামী ৰাম, সৰ্ব্ব পূৰ্ণ কাম,
 গুণে নাহি যাক তুল।
মানিক ৰামৰ, আগত ৰাৱণ,
 যেন তই লোৱাচূৰ॥
পশ্চিম দিশত, আদিত্য উদয়,
 যদি অগ্নি হোৱে শীত।
তভু তোৰ বোলে, নটলিব মোৰ,
 সীতাৰ মন কিঞ্চিৎ॥
নৰকৰ পলু, হুয়া কেন মতে,
 বিষ্ণু লোক যাইতে চাস।
তোহোৰ মুখক, চৰণে নুচুইবোঁ,
 পৰিহৰ মোৰ আশা॥
ৰামৰ চৰণে, প্ৰাণ সম্পি আছোঁ,
 ৰামেসে মোৰ জীবন।
অমৃতক তেজি, কোন সতে তোত,
 বিষ্ঠাত কৰিবো মন॥
তিৰী চোৰ হুই, বোল কোন মুই,
 এতেক বীৰত্ব বাণি।
যেবেসে স্বামীক, দেখা দিলি হন্তে,
 তেবেসে মুনিষ জানি॥