সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬০
অৰণ্য কাণ্ড।

এহিমতে ৰাবণে বিনয় বোলে বাণি।
তুলাত লগাইল যেন প্ৰচণ্ড অগনি॥
শুনা নৰনাৰী পুণ্য কথা ৰামায়ণ।
দেখা কামাতুৰ ভৈলে নিষ্ফল জীবণ॥
নিসিজয় ধৰ্ম্ম পন্থ নছাড়ে পাতেক।
নভজে কৃষ্ণক সিটো বুজিয়া তত্ত্বক॥
হেনজানি সহজে জিনিও ক্ৰোধ কাম।
কৃষ্ণৰ কথাত চিত্ত কৰা উপশাম॥
কু স্বভাব হবে পুৰুষৰ হৰি কথা।
জানি হৰিভজা নকৰিবয়ো জন্ম বৃথা॥
যতেক বিষয় সুখ দেখা লোকমাজে।
কালে হৰে সবগৰ্ব্ব কৰা কোন কাজে॥
কেবলে নিস্তাৰ পথ জানা হৰি নাম।
অনন্ত কন্দলি কহে বোলা ৰাম ৰাম॥

—০—