সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৯
অসমীয়া ৰামায়ণ।

যেহিবোলা সেহি কাৰবোহো আজি ধৰি।
ময়ো থাকিবোহে৷ তোমাকেসে সেৱা কৰি॥
হৃদয়ৰ দুখ বান্ধৈ দূৰে পৰিহৰ।
ত্ৰিভূবন পতি আমাকেসে স্বামী বৰ॥
ৰামে মোক মাৰিবেক লোৱে তোৰ মনে।
কহিত শুনিছা ৰণ হাৰিলা ৰাৱণে॥
অগ্নিৰ শিখাত ঝাম্প দিব কোনজনে।
তোক ৰামে নিৰ আসি মোক জিনি ৰণে॥
দেখিয়োক লঙ্কাৰ দুৰ্জ্জয় মোৰ গড়।
চতুৰ্ভিত গড় খাই অগাধ সাগৰ॥
তোক ৰামে নিব আসি হেন আশা তেজা।
চৰণত ধৰোঁ তোৰ মোকস্বামী ভজা॥
পুষ্পক বিমান মোৰ ত্ৰিভুবনে সাৰ।
তুমি সমে হৌক মোৰ ইহাতে শৃঙ্গাৰ॥
দশগোটা শিৰে তোৰ চৰণত ধৰোঁ।
মুখেতৃণ কেশ লৈয়া কাতৰক কৰোঁ॥
ৰাজ ৰাজেশ্বৰ হুয়া ভৈলোঁ তোৰ দাস।
ইহাত অধিক কিবা বহু মান্য চাস।৷
বিৰহ অগনি মোৰ দহে কলেবৰ।
অধৰ অমৃত মধু দান পান কৰ॥

( ১১ )