সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
অৰণ্য কাণ্ড ৷

মোৰ অনুকুলে বহে মলয়া সমাৰ।
কেনমতে সহে সীতা তোহোৰ শৰীৰ॥
মোহোৰ সৈন্যকদেখা শুনহ সকল।
বাষষ্টি হাজাৰ কুল ৰাক্ষসৰ বল।৷
তেহ্ণয দুইগুণ আছে পিশাচ অপাৰ।
একৈকৰ ভৃত্য গাছে হাজাৰে হাজাৰ।৷
ৰণ ভূমি হন্তে চানি চলয় আকাশ।
ত্ৰিভুবন জনে দেখি মিলয় তৰাস॥
বাল্য বৃদ্ধ দেখিয়া সৈন্যৰ দিলোঁ দেখা।
মন্যু ছাড়ি সীতা মোক শুভদৃষ্টি দেখা।৷
আবুধি বিবুদ্ধি সীতা ৰামকেসে চাহ।
মইহেন স্বামী তই লাথিতে গৰাশ॥
তিনিওলোকৰ ৰাজ্য সকলে আমাৰ।
আছে মহা মণিৰত্ন অলেখ ভাণ্ডাৰ॥
আছে মত্ত হস্তী ৰথ ঘোটক অপাৰ।
আজি ধৰি তোমাতে সম্পিলোঁ ৰাজ্যভাৰ॥
অযুত নিযুত যত মোৰ পটেশ্বৰী।
মন্দোদৰী আদি দাস দাসী অনুচৰী॥
তোতে সেবা কৰোক সকল আজি ধৰি।
যাক যেন যুৱাই দিবিহাত তলা কৰি॥