সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
অৰণ্য কাণ্ড।

ৰাখিবাক আসিলে জনক যেন বাপ।
সবাতো অধিক ভৈলা তোমাৰ সন্তাপ॥
দুৰ্গতি কালত বাপ ভৈলাহা সহাই।
এবে বাপ জীৱ তেজি যাহা কোন ঠাই॥
তুমি মোৰ দশৰথ স্নেহৰ শশুৰ।
বহাৰীক তেজি কেনে যাস যম পুৰ॥
আপদ সিন্ধুত পাইলোঁ তুমি হেন নাৱ।
পুনু হৰুৱাইলোঁ শোকে দহে সৰ্ব্ব গাৱ॥
জটায়ু বোলন্ত আই নকৰা ক্ৰন্দন।
ৰামৰ কাৰ্য্যত মোৰ মিলিল মৰণ॥
ইহাকেসে সুমৰি মনত বৰ দুখ।
মৰণ কালত নেদেখিলোঁ ৰাম মুখ॥
হেন শুনি কান্দি দেবী দিলা সমিধান।
যেবে সীতা শান্তি মই ৰামে মোৰ প্ৰাণ॥
যত মোৰ বিপত্তি ৰামক দিবা জান।
তান মুখ দেখিলেসে যাইবে তযু প্ৰাণ॥
এহি বুলি সীতা সতী কান্দন্ত আকুলি।
জটায়ু আছন্ত পৰি ৰাম ৰাম বুলি॥
ৰাৱণেও বিচাৰিলা ৰথৰ সম্ভাৰ।
জটায়ুৰ ঠোট ঘাৱে ভৈলা চাৰখাৰ॥