সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৯
অসমীয়া ৰামায়ণ।

ৰাৱণে ও পাইলা পখা ছোট জটায়ুৰ।
হাড় ঘাঁড় বিহৰিয়া বল ভৈল চূৰ॥
কতো দূৰে চিৎহুয়া পৰি আছিলেক।
বিধাতাৰ বৰে পুনু চেতন পাইলেক॥
জটায়ু পৰিল দেখি চেতন লভিলা।
ৰথৰ সম্ভাৰ যত চাহিতে লাগিলা॥
ৰাম ৰাম ৰাৱ কাঢ়ি জটায়ু কেঙ্কান্ত।
দেখিয়া গোসাণী যাই পাশ চাপিলন্ত॥
অন্যায় ৰাৱণে তান পখাক ছেদিলা।
দেখিয়া সীতাৰ মহা সন্তাপ জ্বলিলা॥
ধৰিলন্ত তুলি দেবী জটায়ুৰ গল।
অনেক কান্দিলা দেবী হাকুল ব্যাকুল॥
হা হা মোৰ মহামিত্ৰ তুমি পক্ষী ৰাজ।
মোহৰেসে নিমিত্তে প্ৰাণ ভৈলা বাজ॥
যতেক লাগিল মানে পাপীক বুজালা।
পক্ষী গোট হুয়া ঘোৰ সংগ্ৰাম কৰিলা॥
মহা পুণ্য কীৰ্ত্তি বাপ পৃথিবীত থৈলা।
ৰামৰ কাৰ্য্যত নিজ প্ৰাণক তেজিলা॥
তোমাক সহায় পাই পুনু যেন জীলোঁ।
তুমি এড়ি যাহা বাপ এবেসে মৰিলোঁ॥