সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫১
অসমীয়া ৰামায়ণ।

ৰথ সাজিবাৰ আৰ কিছু সাজ নাই।
আথে বেথে আসি পাইলা জানকীৰ ঠাই॥
ৰাৱণক দেখি দেবী বৃক্ষত ধৰিলা।
নুচুবি নুচুবি বুলি আৰাৱ কৰিলা॥
আঝুৰি দাৰুণে সীতা কোলে তুলি লৈলা।
আকাশে উৰাৱ কৰি বেগে চলি গৈলা॥
সীতাক ৰাৱণে নেই ব্ৰহ্মায়ে দেখিলা।
দেৱক সম্বুদ্ধি বিধি হৰিষে কহিলা॥
ৰামৰ ভাৰ্য্যাক হৰি নিৱন্ত ৰাৱণে।
মৰিলা ৰাক্ষস কুল হেন জানা মনে॥
সীতাক আকাশে লৈই দশগ্ৰীৱ চলে।
মাংস লৈয়া চলে যেন কুকুৰ হেঙ্গালে॥
বিজুলি ছটক যেন জানকীৰ কান্তি।
তাৰা যেন জিকি পাৰে অলঙ্কাৰ পান্তি॥
ৰাৱণৰ কোলে সীতা জ্বলন্ত অধিক।
অঞ্জন পৰ্ব্বত যেন জ্বলয় মাণিক॥
ৰাৱণৰ কোলে সীতা জ্বলন্ত নিৰ্ম্মল।
মেঘ ফেৰি জ্বলে যেন চন্দ্ৰৰ মণ্ডল॥
সীতাৰ আঞ্চল বস্ত্ৰ বায়ুত চলয়।
ৰবিৰ কিৰণ যেন মেঘে ঝিলিকয়॥