সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১২
অৰণ্য কাণ্ড।

প্ৰাণৰ দেৱৰ মোৰ, সত্বৰে চলিয়া যায়ো,
 ৰাখামোৰ শিখৰ সিন্দুৰ।
তুমিও তাহন ভাই, ৰামক ৰাখিও যাই,
 শোকে মোৰ হিয়াহোৱে চূৰ॥
আপদ কালত বাপ, শত্ৰু মিত্ৰ চিন্ন পাই,
 সঙ্গে মোৰ বন্ধু নাহি আন।
সত্বৰে চলিও আবে, প্ৰভুক ৰাক্ষসে খাই,
 ৰাখা প্ৰাণ স্বামী দিয়া দান।৷
সীতাৰ বিলাপ দেখি, লক্ষ্মণে অঞ্জলী জুড়ি,
 বুলিলন্ত বচন কোমল।
তেজা শোক কৰা ৰঙ্গ, ৰামৰ নাহিক ভঙ্গ,
 জানিবাহা ইটো ৰবিতল।৷
যেবে সবে দেবাসুৰে, ৰামক সমৰ কৰে,
 তাহাকো জিনিব একেশ্বৰে।
ভূবন বিজয় ৰাম, জানা দদা মহাবীৰ,
 জানি ভয় তেজা নিৰন্তৰে॥
ত্ৰাহি ত্ৰাহি লক্ষ্মণ, ৰামে ডাক ছাড়িলন্ত,
 শুনিলা নঘটে ইটো কথা।
যাতো তুমি স্ত্ৰীজাতি, তাতে ভয় ভৈলা আতি,
 সদায় স্বামীত বৰ বেথা॥